আৰবিআই-ৰ সকীয়নি বিষয়ক এচএমএচ
1. বিপুল পৰিমাণ ধন পোৱাৰ কাৰণে কোনো ফি বা মাচুল পৰিশোধ নকৰিব। আৰবিআই/আৰবিআই গভৰ্ণৰ/চৰকাৰে কেতিয়াও এনেকুৱা ই-মেইল/এচএমএচ প্ৰেৰণ নকৰে বা ফোন নকৰে। অধিক জানিবলৈ +91-869-1960000 নম্বৰত ফোন কৰক
2. আপুনি যদি আৰবিআই/চৰকাৰী নিকায়ৰপৰা লটাৰীত জয়ী হোৱাৰ বা চীপ ফাণ্ডৰ অফাৰ লাভ কৰে, তেন্তে https://sachet.rbi.org.in/Complaints/Add - ত অভিযোগ জনাওঁক
আৰবিআই-ৰ সকীয়নি বিষয়ক ওবিডি
প্ৰতাৰকসকলে আপোনাক ঠগিবলৈ সদায় নতুন-নতুন উপায় বিচাৰি উলিয়াই থাকে। কেতিয়াবা সিহঁত আপোনাক ক’ব যে, আপুনি লটাৰীত জয়ী হৈছে, সেই লটাৰীত পোৱা ধন সংগ্ৰহ কৰিবলৈ আপুনি প্ৰথমতে ৰিজাৰ্ভ বেংকত ধন জমা কৰিব লাগিব, কেতিয়াবা তেওঁলোকে হয়তো আপোনাক ক’ব যে, আপোনাৰ নামত কিছু মাল আহি পাইছে, সেইবোৰ সংগ্ৰহ কৰিবলৈ আপুনি আমদানি শুল্ক পৰিশোধ কৰিব লাগিব। আপুনি এনেকুৱা কোনো প্ৰস্তাৱ পালে অনুগ্ৰহ কৰি স্থানীয় আৰক্ষীৰ ছাইবাৰ অপৰাধ শাখাত বা sachet.rbi.org.in -ত অভিযোগ জনাওঁক।
আৰু শুনক আৰবিআই কি কয়
- আৰবিআই-ত কোনো ব্যক্তি বিশেষ একাউণ্ট খুলিব নোৱাৰে। গতিকে ৰিজাৰ্ভ বেংকত ধন জমা দিয়াৰ প্ৰশ্নই নুঠে। অচিনাকি কোনো ব্যক্তিৰপৰা কোনো এচএমএচ, ফোন কল বা ই-মেইল পালে বিভ্ৰান্ত নহ’ব আৰু কোনো বেংক একাউণ্টত ধন প্ৰেৰণ নকৰিব।
- কাকো নিজৰ বেংক একাউণ্টৰ ডিটেইল্স বা চিভিভি, ওটিপি বা পিন নক’ব। ৰিজাৰ্ভ বেংকৰ কথা বাদেই দিয়ক, আপোনাৰ বেংকেও এচএমএচ বা ই-মেইল প্ৰেৰণ কৰি বা ফোন কৰি আপোনাৰপৰা এইবোৰ তথ্য জানিব নিবিচাৰে।
বিতং তথ্যৰ বাবে rbi.org.in ত আৰবিআই সকীয়নি পৃষ্ঠা চাওঁক
খৰতকীয়া লিংক
আপুনি বিষয়ে অধিক জানিব বিচৰা বিষয়টোত ক্লিক কৰক আৰু আপোনাৰ ইয়াৰ বিষয়ে বিতং তথ্য থাকিব. যদি আপোনাক অধিক স্পষ্টীকৰণৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি আমালৈ rbikehtahai[at]rbi[dot]org[dot]in ত লিখক
বেংক স্মাৰ্টাৰ
আপোনাৰ বিত্ত সুৰক্ষিত কৰক
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: